পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ জন্ম লগ্নৰ সৈতে জৰিত বিশিষ্ট সমাজকৰ্মী, কৃতি শিক্ষক ৰজত বৈশ্য দেৱৰ আজি ৰাতিপুৱা ৮ বজাত মৃত্যু হয়। তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলৰ লগতে আমাৰ মহাবিদ্যালয়তো শোকৰ ছাঁ পৰে। আজি বিয়লি মহাবিদ্যালয়ত অনুষ্ঠিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৱে মিলিত হৈ ভগবানৰ ওচৰত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।